নিউজ ডেস্ক : ভাৰতত নিয়ন্ত্ৰণৰ বাহিৰত মাৰাত্মক ক’ভিড। প্ৰতিদিনে ভাৰতত ব্যাপক হাৰত বৃদ্ধি পাই আছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। বিগত পাঁচদিন ধৰি ভাৰতত ধাৰাবাহিকভাৱে ক’ভিড আক্রান্তৰ সংখ্যাই ৪ লাখ অতিক্ৰম কৰিছে। শনিবাৰৰ দিনটোত ভাৰতত ২৪ ঘণ্টাৰ ভিতৰত আক্রান্ত হৈছে ৪ লাখ ৩ হাজাৰ ৭৩৮ জন লোক। আনহাতে ২৪ ঘন্টাৰ ভিতৰত মৃত্যুৰ মুখত পৰা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৪ হাজাৰ ৯২ জন।
কভিডৰ দ্বিতীয়টো ঢৌৱে ভাৰতত অব্যাহত ৰাখিছে নিজৰ তাণ্ডৱলীলা। প্ৰতিদিনে ভাৰতত ক’ভিডৰ সংক্ৰমণ আৰু ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই নতুন নতুন ৰেকৰ্ড গঢ়ি আছে। বিগত পাঁচ ধৰি ভাৰতত ক’ভিড আক্রান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে ৪ লক্ষাধিকৰ সংখ্যা অতিক্ৰম কৰিছে। ২৪ ঘণ্টাত ভাৰতত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই প্ৰথমবাৰৰ বাবে ৪০৯২ৰ ঘৰ অতিক্ৰম কৰিছে। ২৪ ঘণ্টাত ৪০৯২ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ সমান্তৰালে দেশত নতুনকৈ কভিডত আক্রান্ত হৈছে ৪ লাখ ৩ হাজাৰ ৭৩৮ জন লোক।
ইয়াৰ পূৰ্বে বুধবাৰে দেশত ক’ভিডত আক্রান্ত হৈছিল ৪ লাখ ১২ হাজাৰ ৬১৮ জন, বৃহস্পতিবাৰে নতুনকৈ আক্রান্ত হৈছিল ৪ লাখ ১৪ হাজাৰ ৪৩৩ জন লোক। ভাৰতত প্ৰথমবাৰৰ বাবে ক’ভিড আক্রান্ত লোকৰ সংখ্যা ৪ লক্ষাধিক অতিক্ৰম কৰিছিল যোৱা ৩০ এপ্ৰিলত। ৩০ এপ্ৰিলত ২৪ ঘণ্টাৰ ভিতৰত দেশত ক’ভিডত আক্রান্ত হৈছিল ৪ লাখ ২ হাজাৰ ৩৫১ জন লোক। আনহাতে শুকুৰবাৰে দেশত ক’ভিডত আক্রান্তৰ সংখ্যা ৪ লাখ ১ হাজাৰ ২২৮ জনৰ পৰিবৰ্তে মৃত্যু হৈছিল ৪ হাজাৰ ১৯১ জন লোক।