গুৱাহাটীঃ গুৱাহাটীঃ ভাৰতীয় সেনাৰ নতুন নিযুক্তি আঁচনি ‘অগ্নিপথ’য়ে জ্বলাইছে দেশ। উত্তৰ প্ৰদেশ, বিহাৰকে ধৰি বিভিন্ন ঠাইত চলিছে ‘অগ্নিপথ’ৰ প্ৰতিবাদ। ইয়াৰ মাজতে বিহাৰত বৃহস্পতিবাৰে সংঘটিত হ’ল হিংসাত্মক ঘটনা। জম্মুৰ পৰা কামাখ্যা ষ্টেশ্যন অভিমুখী লোহিত এক্সপ্ৰেছ জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৰে’লখনৰ ৭টাকৈ দবা।
ৰে’লত অগ্নিসংযোগ কৰা এই হিংসাত্মক ঘটনাৰ পিছতেই ৰেল বিভাগে ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছ, আলিপুৰ দুৱাৰ-দিল্লী ছিকিম মহানন্দ এক্সপ্ৰেছ, কামাখ্যা-আনন্দ বিহাৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ ১৭জুনৰ যাত্ৰা বাতিল কৰিছে।
ৰে’ল বিভাগে ৩৪ খন ৰে’লৰ যাত্ৰা বাতিল কৰাৰ লগতে আৰু আন ৭২ খন ৰে’লৰ নিৰ্ধাৰিত সময়সূচী কেইবা ঘণ্টালৈ পিছুৱাই দিছে।
এই ৩৪খন ৰে’লৰ পাঁচখন মেইল আৰু ২৯খন এক্সপ্ৰেছ ৰে’ল। প্ৰতিবেদন অনুসৰি, কেৱল পূব মধ্য ৰে’লৱে জ’নত মুঠ ২২ খন ৰে’ল বাতিল কৰা হৈছে।
শুকুৰবাৰে নাংলয় ৰেলষ্টেচনত প্ৰতিবাদকাৰীয়ে ৰে’লপথ অৱৰোধ কৰি সদ্যঘোষিত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে শ্ল’গান দিয়ে। অৱশ্যে বহু চেষ্টাৰ অন্তত দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ সক্ষম হয়।