নিউজ ডেস্ক : কোৰোনা ভাইৰাছৰ সংক্ৰমণে দেশত সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে চূড়ান্ত অমানৱীয়তাৰ পৰিচয় দাঙি ধৰা আগ্ৰাৰ পৰশ হস্পিটেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আগ্ৰা জিলা প্ৰশাসনে। অক্সিজেন নাটনিৰ নাটক সৃষ্টি কৰি ২২ গৰাকীকৈ ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া পাৰশ হস্পিটেলৰ স্বত্বাধিকাৰী অৰিঞ্জয় জৈনৰ বিৰুদ্ধেও  আগ্ৰা জিলা প্ৰশাসনে এজাহাৰ দাখিল কৰিছে।

যোৱা ২৬ এপ্ৰিলত হস্পিটেলখনত অক্সিজেনৰ নাটনি সৃষ্টি কৰি ২২ গৰাকী ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি দিছিল, মঙলবাৰে সামাজিক মাধ্যমত এই ঘটনা পোহৰলৈ আহে। এটা ভাইৰেল ভিডিঅ’ত পাৰশ হস্পিটেলৰ স্বত্বাধিকাৰী অৰিঞ্জয় জৈনে কিদৰে ‘মকড্ৰিল’ কৰিছিল সেই বিষয়ে বৰ্ণনা দিছিল।

লগতে পঢ়ক : পুনৰ চৰ্চাত ‘বাবা কা ধাবা’ : ৰেষ্টোৰেণ্ট ফেইল, কিমান লাখ টকা বাকী ৰৈছে কান্তা প্ৰসাদৰ?

স্বত্বাধিকাৰী জৈনৰ বৰ্ণনা অনুসৰি, যোৱা ২৬ এপ্ৰিলৰ পুৱা ৭ বজাত ৫ মিনিটৰ বাবে হস্পিটেলখনত অক্সিজেনৰ যোগান বন্ধ কৰি দিয়া হৈছিল। সেই সময়য়ত হস্পিটেলত চিকিৎসা গ্ৰহণ কৰি থকা ২২ গৰাকী ৰোগীয়ে অক্সিজেনৰ অভাৱত উশাহ ল’ব নোৱাৰি ছটফটাবলৈ ধৰিছিল আৰু তেওঁলোকৰ শৰীৰ নীলা হৈ পৰিছিল।

ইয়াৰ পিছতে হস্পিটেলখনৰ আই চি ইউত থকা ৭৪ গৰাকী ৰোগীৰ অভিভাৱক সকলক অক্সিজেনৰ চিলিণ্ডাৰ নিজেই যোগাৰ কৰি আনিবলৈ কোৱা হৈছিল। অৰিঞ্জন জৈনে নিজ মুখেৰে বৰ্ণনা কৰা এই ভুৱা মকড্ৰিলৰ ঘটনা ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আগ্ৰাৰ ২ নং ৰাষ্ট্ৰীয় পথত থকা পাৰশ হস্পিটেলৰ স্বত্বাধিকাৰী অৰিঞ্জন জৈনক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছিল। ইয়াৰ পিছতে আগ্ৰাৰ জিলা মুখ্য চিকিৎসা বিষয়া ডাঃ আৰ চি পাণ্ডেই সংবাদ মাধ্যমৰ আগত কয় যে অৰিঞ্জয় জৈনৰ কথাখিনি তেওঁলোকে গুৰুত্বসহকাৰে লৈছে আৰু তদন্তৰ বাবে এখন কমিটি গঠন কৰি দিছে।

বুধবাৰে জৈনৰ বিৰুদ্ধে আগ্ৰা জিলা প্ৰশাসনৰ ফালৰ পৰা এক গোচৰ ৰুজু কৰি হস্পিটেলখন চীল কৰি দিয়া হয়। আনহাতে হস্পিটেলখনত থকা ৰোগীসকলক জিলাখনৰ আন আন চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ লগতে নতুনকৈ ৰোগীক ভৰ্তি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰিও হস্পিটেলখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাক লৈয়ো জিলা প্ৰশাসনে চিন্তা চৰ্চা কৰি আছে বুলি খবৰ প্ৰকাশ পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply