নিউজ ডেস্কঃ দেশৰ কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিমান যাত্ৰাৰ ক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এক চৰকাৰী নিৰ্দেশ অনুসৰি টিকটৰ নুন্যতম মূল্য ১৩ ৰ পৰা ১৬ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ১ জুন, ২০২১ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব বিমানৰ ভাড়া।
বৰ্তমান ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হৈছে ২,২০০-৭,২০০ টকা আৰু সৰ্বাধিক মূল্য ৭,৮০০-২৪,২০০ টকা ।কিন্তু ১ জুনৰ পৰা ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হ’ব ২,৬০০-৭,৮০০ টকা আৰু সৰ্বাধিক মূল্য ৮,৭০০-২৪,২০০ টকা ।
আৰু পঢ়কঃভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজকৰ দুৰ্দশা! কোভিড১৯ৰ ফলত বিধ্বস্ত শিল্পী সমাজ
শেহতীয়াকৈ অসামৰিক বিমান পৰিবহণৰ সচিব প্ৰদীপ সিং খাৰ’লাৰ সৈতে এয়াৰলাইনছৰ প্ৰতিনিধিয়ে এখন বৈঠকত মিলিত হৈছিল । বৈঠকত প্ৰতিনিধিসকলে কভিডৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য বিচাৰিছিল আৰু বিমানযাত্ৰীৰ হাৰ ৬০ শতাংশৰ কম কৰিবলৈ আহ্বান জনাইছিল ।