নিউজ ডেস্ক: শনিবাৰে বাংগালুৰুস্থিত বায়ু সেনা কাৰিকৰী মহাবিদ্যালয় (AFTC) চৌহদত এগৰাকী ২৭ বছৰীয়া কেডেট প্ৰশিক্ষাৰ্থীক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে বাংগালুৰত বায়ু সেনাৰ ছয়জন বিষয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV-ত প্ৰকাশিত খবৰ অনুসৰি, কেডেট প্ৰশিক্ষাৰ্থীজনৰ বিৰুদ্ধে এক তদন্ত আদালত নিৰ্দেশ জাৰি কৰাৰ পিছতে তেওঁ আত্মহত্যা কৰাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে অংকিত কুমাৰ ঝা নামৰ কেডেট প্ৰশিক্ষাৰ্থী গৰাকীয়ে আত্মহত্যা পত্ৰত এয়াৰ ক’ম’ডৰ, উইং কামাণ্ডাৰ আৰু গ্ৰুপ কেপ্টেইনৰ পদবীধাৰী বিষয়া নাম উল্লেখ কৰিছিল।

অংকিত ঝাৰ পৰিয়ালৰ লোকে মহাবিদ্যালয় চৌহদত তেওঁৰ ওপৰত অহৰহ নিৰ্যাতন আৰু অত্যাচাৰ চলোৱা হৈছিল বুলি অভিযোগ কৰে।

আনহাতে তদন্তকাৰী বিষয়াসকলৰ মতে, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে অংকিত ঝাক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছিল।

লগতে পঢ়ক – ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে BCPL-ৰ ১৫ শতাংশ লাভাংশ ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply