নিউজ ডেস্ক– ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বাইছন বিমান দুৰ্ঘটনাগ্ৰস্ত।
বুধবাৰে পুৱা মধ্য ভাৰতৰ এটা এয়াৰবেচত যুঁজ প্ৰশিক্ষণ অভিযানৰ বাবে উৰা মৰাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাত নিহত হয় বিমানখনৰ গ্ৰুপ কেপ্টেইন এ. গুপ্তা ।
ভাৰতীয় বিমান বাহিনীৰ টুইটাৰত এই কথা নিশ্চিত কৰা হৈছে।
ভাৰতীয় বিমান বাহিনীয়ে এই ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰিছে। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰিবলৈ এক কোৰ্ট অফ ইনকুৱেৰিপ নিৰ্দেশ দিয়া হৈছে বুলি বিমান বাহিনীয়ে উল্লেখ কৰে।