নিউজ ডেস্কঃ টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ এটা অংশৰ শ্বেয়াৰ ক্ৰয়ৰ পিছেতেই বৃহস্পতিবাৰে কোম্পানীটোৱে এক বৃহৎ ঘোষণা কৰে। ১৬ বছৰৰ পিছত বিমান কোম্পানীটোৱে অত্যাধুনিক নতুন ৪৭০ খন বিমান কিনিবলৈ গৈ আছে।

এয়াৰ ইণ্ডিয়াই ফ্ৰান্সৰ এয়াৰবাছ আৰু ইউৰোপৰ বয়িঙ কোম্পানীৰ সৈতে প্ৰায় ৮০ আৰৱ ডলাৰত এই মহাচুক্তি সম্পন্ন হ’বলৈ গৈ আছে। ৪৭০ খন বিমানৰ ভিতৰত এয়াৰবাছৰ পৰা ২৫০ খন আৰু বয়িঙৰ পৰা ২২০ বিমান ক্ৰয় কৰিব। বৰ্তমান লৈকে টাটা গ্ৰুপে এয়াৰবাছৰ সৈতে ২৫০ খন বিমান ক্ৰয়ৰ অভিপ্ৰায় পত্ৰত স্বাক্ষৰ সম্পূৰ্ণ কৰিছে।

এই বৃহৎ ঘোষণাটোৰ পিছত এয়াৰলাইনটোৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, বিমান নিৰ্মাণ কোম্পানী দুটাৰ পৰা আৰু ৩৭০ খন বিমান কিনাৰ পৰিকল্পনা আছে ।

টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে কয় যে, এয়াৰ ইণ্ডিয়া বৰ্তমান এক বৃহৎ পৰিৱৰ্তন দিশত আগবাঢ়িছে যাৰ বাবে ইয়াক আধুনিক আৰু দক্ষ কৰাৰ প্ৰয়োজন আছে। লগতে তেওঁ কয় যে, “এয়াৰবাছৰ পৰা ২৫০ বিমানৰ ভিতৰত ৪০খন এ৩৫০ বিমান আৰু ২১০ খন ঠেক সৰু বিমান অন্তৰ্ভুক্ত আছে। এ৩৫০ বিশ্বত দীৰ্ঘ দূৰত্বৰ বাবে ব্যৱহাৰ কৰা হয় । ব্যৱসায়ী বৃদ্ধি হোৱাৰ লগে লগে আমি পিছত আৰু ক্ৰয় কৰিবলৈ সক্ষম হ’ম”।

উল্লেখযোগ্য যে, ২০০৬ চনতেই এয়াৰ ইণ্ডিয়াই বৃহৎ সংখ্যক বিমান ক্ৰয় কৰিছিল। যাৰ ভিতৰত বয়িঙৰ পৰা ৬৮ খন আৰু এয়াৰবাছৰ পৰা ৪৩ খন ক্ৰয় কৰিছিল। ১৬ বছৰৰ পিছত এয়াৰ ইণ্ডিয়াত বৃহৎ সংখ্যক বিমান একেলগে সংযুক্ত হ’বলৈ গৈ থকা খবৰে এতিয়া সমগ্ৰ বিশ্বতেই প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply