নিউজ ডেস্কঃ ভাৰতত এতিয়া দিনে দিনে বৃদ্ধি পাইছে বিমান সেৱাৰ চাহিদা। যাৰ বাবে ভাৰত চৰকাৰেও চেষ্টা কৰি আছে যে ভাৰতীয় বিমান প্ৰতিষ্ঠানবোৰ যাতে বিশেষকৈ নিজ দেশত সহজ লভ্য হৈ উঠে।

টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া বিমান প্রতিষ্ঠান ক্ৰয় কৰাৰ পিছতেই নতুনকৈ বিমান সংযোজন কৰাৰ বাবে ইতিমধ্যেই সকলো সাজু হৈছে। যাৰ বাবে এয়াৰ ইণ্ডিয়া বিমান প্রতিষ্ঠানটোৱে ভাৰতীয় ষ্টেট বেংক আৰু বেংক অব্ বৰোডাৰ পৰা সংগ্ৰহ কৰিছে ১৪ হেজাৰ কোটি টকাৰ ঋণ।

এই ১৪ হাজাৰ কোটি টকাৰ ভিতৰত ১২,৫০০ কোটি টকাৰ ঋণ ৰিফাইনেন্স কৰাৰ বিপৰীতে ১,৫০০ কোটি টকাৰ ঋণ ই চি এল জি (জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি) আঁচনিৰ জৰিয়তে লাভ কৰিছে।

প্ৰতিষ্ঠানটোৰ শীৰ্ষ বিষয়াই জানিবলৈ দিছে যে, এই ঋণৰ ধনৰাশিৰে বিমান প্রতিষ্ঠানটোৱে নতুন বিমান ক্ৰয় কৰি পৰিসৰ বৃদ্ধি কৰিব। লগতে, এই ঋণৰ এটা অংশ কৰ্মচাৰীসকলৰ স্বেচ্ছামূলক অৱসৰ আঁচনিৰ নামতো ব্যয় কৰিব এয়াৰ ইণ্ডিয়াই ।

লগতে পঢ়ক – ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ মন্দিৰৰ দ’ কুৱাত পৰি ১৩ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply