নিউজ ডেস্কঃ Muscat Airportত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানত অগ্নিকাণ্ড। ৰাণৱে’ত বিমানখনৰ পৰা হঠাতে ধোঁৱা ওলোৱাৰ পিছত বিমানখনত থকা সকলো যাত্ৰীৰ মাজত হুৱাদুৱা লাগে। বিমানখনত আছিল ১৪৫ গৰাকী যাত্ৰী। বিমানখনত চাৰিটা নৱজাতকো আছিল। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী আহত হোৱা নাই। বিমানখন উৰা মৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনৰ ১নং ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। লগে লগে সকলো যাত্ৰীক বিমানখনৰ পৰা টাৰ্মিনেল বিল্ডিঙলৈ স্থানান্তৰ কৰা হয়।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক বিবৃতিত কয়, ” ইতিমধ্যে অভিযন্তাসকলে বিমানখন পৰীক্ষা কৰি আছে আৰু বিমান নিয়ন্ত্ৰক ডিজিচিএৰ ওচৰত এখন প্ৰতিবেদন দাখিল কৰা হৈছে। সকলো যাত্ৰীক বিমানখনৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হৈছে আৰু তেওঁলোকক আন এখন বিমানেৰে কোচিলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে।”

ঘটনাটোৰ পিছত ডিজিচিএয়েও এটা বিবৃতি জাৰি কৰিছে। এক বিবৃতিত ডিজিচিএয়ে কয়, ”যাত্ৰীসকলৰ বাবে অন্য এখন বিমানৰ ব্যৱস্থা কৰা হৈছে। আমি ঘটনাটোৰ তদন্ত কৰিম আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply