নিউজ ডেস্ক: ঐতিহাসিক চুক্তি এয়াৰ ইণ্ডিয়াৰ। প্ৰতিষ্ঠানটোৱে তিনিশৰো অধিক বিমান ক্ৰয় কৰায় সিদ্ধান্ত লৈছে। এইয়া বাস্তৱায়িত হ’লে দেশৰ বাণিজ্যিক বিমান সেৱাত নতুন ইতিহাস ৰচনা হ’ব।

সংবাদ সংস্থাৰ সূত্রে জানিব পৰা মতে, এয়াৰবাছ এছই-ৰ এ৩২০নিউ ফেমিলি জেট অথবা ব’য়িং কো’ৰ ৭৩৭ মেক্স মডেলছ অথবা দুটাৰেই আবণ্টন দিয়াৰ সম্ভাৱনা এয়াৰ ইণ্ডিয়াৰ। অৱশ্যে এই বিষয়ত এতিয়ালৈকে এয়াৰ ইণ্ডিয়া কর্তপক্ষ মুখ খোলা নাই। বৰঞ্চ ‘গোপনীয়তা’ বজায় ৰখা হৈছে।

তিনিশ ৭৩৭ মেক্স-১০ জেট কিনাৰ চুক্তি কৰিবলৈ ব্যয় হ’ব চাৰে চাৰি হেজাৰ কোটি ডলাৰ। এই বিমানসমূহ প্ৰস্তুত কৰিবলৈ কেইবা বছৰ সময় লাগিব পাৰে। নতুন বিমানবোৰ পাবলৈ এক দশকৰো সময় লাগিব পাৰে।

উল্লেখ্য, চলিত বছৰত পুনৰায় টাটাৰ হাততে ঘূৰি আহিছে এয়াৰ ইণ্ডিয়া। বিগত বৰ্ষৰ অক্টোবৰত এয়াৰ ইণ্ডিয়াক ১৮ হেজাৰ কোটি টকাৰ বিনিময়ত টাটা গোষ্ঠীক বিক্রী কৰে মোদী চৰকাৰে । ইয়াৰ পাছৰ পৰাই আৰম্ভ হয় বিক্রীৰ সৈতে জড়িত অন্যান্য প্রক্রিয়া। ১০০ শতাংশ শ্বেয়াৰ হস্তান্তৰ প্রক্রিয়া আৰু লগতে পৰিচালনা ক্ষমতা সম্পূর্ণভাৱে দিয়া হৈছে টাটা গোষ্ঠীক ।

আনহাতে, বিপুল লোকচানত চলা এয়াৰ ইণ্ডিয়াৰ পুনৰুজ্জীৱনত একাধিক পৰিকল্পনা কৰিছে টাটা গোষ্ঠীয়ে। এই পৰাপ্রেক্ষিতত বিমান কিনাৰ সন্দৰ্ভত চুক্তি স্বাক্ষৰৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

লগতে পঢ়ক – ৰাজু টিছো কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply