নিউজ ডেস্ক: বিদেশী মুদ্ৰা সৰবৰাহৰ চেষ্টা চলাই শ্ৰীলংকাত এজন ভাৰতীয় ব্যৱসায়ী গ্ৰেপ্তাৰ হ’বলগীয়া হয়। শ্ৰীলংকাৰ এখন সংবাদপত্ৰত প্ৰকাশ পোৱা মতে ৪০ মিলিয়নতকৈ অধিক বিদেশী মুদ্ৰা সৰবৰাহ কৰাৰ বাবে চেষ্টা চলোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাপ্ত তথ্য মতে দেওবাৰে শ্ৰীলংকাৰ বন্দাৰানাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Bandaranaike International Airport)-ত বিদেশী মুদ্ৰাসহ ৪৫ বছৰীয়া ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা হয়। বাতৰি যুগুত কৰা পৰ্যন্ত লোকজনৰ পৰিচয় প্ৰকাশ পোৱা নাই।

ব্যৱসায়ৰ বাবে লোকজন শ্ৰীলংকালৈ অহা লোকজনৰ তালাচী চোলাত তেওঁৰ ছ্যুটকেছৰ পৰা নিৰাপত্তা কৰ্মীয়ে ১১৭,০০০ কানাডিয়ান ডলাৰ আৰু ১৯,০০০ ইউৰো উদ্ধাৰ কৰে।

লোকজনে চেন্নাই আহিবলগীয়া এখন ইণ্ডিগো বিমানত আৰোহন কৰিবলগা আছিল। বিমানবন্দৰ কৰ্তৃপক্ষই লোকজনৰ পৰা বিদেশী মুদ্ৰাখিনি জব্দ কৰাৰ লগতে তেওঁক ১০,০০০ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক –  বছাশিমলুত ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply