নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ বিমানৰ ইন্ধনৰো মূল্য বৃদ্ধি হৈছে। বিমানৰ ইন্ধন হিচাপে ব্যৱহাৰ হোৱা এটিএফৰ মূল্য শনিবাৰে ০.২ শতাংশ বৃদ্ধি পায়। চলিত বৰ্ষত এতিয়ালৈকে এটিএফৰ মূল্য ৮ বাৰকৈ বৃদ্ধি পাইছে।

শনিবাৰে এটিএফৰ মূল্য ২৭৭.৫ টকা প্ৰতি কিলোলিটাৰত অৰ্থাৎ ০.২ শতাংশ বৃদ্ধি পালে। ইয়াৰ পাছতে ৰাজধানী চহৰ দিল্লীত এটিএফৰ মূল্য প্ৰতি কিলোলিটাৰত ১,১৩,২০২.৩৩ টকালৈ বৃদ্ধি পালে।

ইয়াৰ বিপৰীতে কিছুদিন পূৰ্বে একেলগে প্ৰায় দুই সপ্তাহলৈ বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ মূল্য। এই দুটা সপ্তাহত প্ৰায় ১০ টকাকৈ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছিল।

ইফালে, শনিবাৰে ০.২ শতাংশ এটিএফৰ প্ৰতি কিলোলিটাৰত মূল্য বৃদ্ধি পোৱাৰ পাছত মুম্বাইত এই বিমানৰ ইন্ধনৰ মূল্য হৈছেগৈ ১,১১,৯৮১.৯৯ টকা, কলকাতাত ১,১৭,৭৫৩.৬০ টকা, চেন্নাইত ১১৬৯৩৩.৪৯ টকালৈ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply