নিউজ ডেস্ক: মধ্যপ্ৰদেশত বৃহস্পতিবাৰে নিশা সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত এজন পাইলটে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। ৰাজ্য়খনৰ ৰিৱা জিলাত বিমান দুৰ্ঘটনাটো সংঘটিত হৈছিল।
প্ৰাপ্ত তথ্য় মতে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত দুৰ্ঘটনাটোৰ সময়ত বিমানখনত এজন জ্যেষ্ঠ পাইলত আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট আছিল। দুৰ্ঘটনাৰ পিছতে দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও জ্য়েষ্ঠ বিমান পাইলতজনৰ মৃত্য ঘটে।
এক সূত্ৰই জনোৱা মতে গুৰুতৰভাৱে আহত প্ৰশিক্ষাৰ্থী পাইলতজনক সঞ্জয় গান্ধী হস্পিতালৈ প্ৰেৰণ কৰা হৈছে। নিহত বিমান পাইলটজনক কেপ্তইন বিশাল যাদব (৩০) আৰু আহতজনক আনচুল যাদব বুলি চিনাক্ত কৰা হৈছে।
স্থানীয় লোকৰ ভাষ্য অনুসৰি বিমানখনে প্ৰথমে গছত খুন্দা মাৰে আৰু পিছত মন্দিৰৰ শিখৰত খুন্দিয়াই মাটিত বাগৰি পৰে। বাতৰি লিখা সময়লৈকে কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেই সম্পৰ্কে কোনো বিভাগীয় প্ৰতিবেদন প্ৰকাশ কৰা হোৱা নাই।
স্থানীয় প্ৰশাসনৰ মতে ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো ঘটা বুলি অনুমান কৰা হৈছে। তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে বুলি প্ৰশাসনে লগতে জানিবলৈ দিয়ে।
লগতে পঢ়ক – ছনি এন্টাৰটেইনমেন্টৰ জনপ্ৰিয় মাষ্টাৰচেফ ইণ্ডিয়াত তিনি অসমীয়া