নিউজ ডেস্কঃ চীনত দুৰ্ঘটনাগ্ৰস্ত এখন যাত্ৰীবাহী বিমান। জানিব পৰা মতে, বিমানখনত আছিল ১৩৩গৰাকী যাত্ৰী। অৱশ্যে বৰ্তমানলৈ এই দুৰ্ঘটনাত হতাহত হোৱা লোকৰ সংখ্যা তথা দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বয়িং ৭৩৭ বিমানখন গুৱাঙ্গশী এলেকাৰ বুঝৌৱত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত উক্ত স্থানত অগ্নিকাণ্ড সংঘটিত হয় আৰু চাৰিও দিশে ধোঁৱাৰে আঁৱৰি ধৰে।

ইফালে, স্থানীয় সংবাদ মাধ্যমৰ সাংবাদিকক চীনা ইষ্টাৰ্ণ ফ্লাইট এমইউ৫৭৩৫ বিমান বন্দৰৰ কৰ্মচাৰীয়ে কয় যে- ‘বিমানখন সোমবাৰে দিনৰ ১ বজাত কুনমিং চহৰৰ পৰা উৰা মৰাৰ পাছত নিৰ্ধাৰিত গন্তব্য স্থানলৈ গৈ থকা সময়তে আদবাটতে এই দুৰ্ঘটনা সংঘটিত হয়।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply