নিউজ ডেস্কঃ কোভিডৰ বাবে হোৱা লকডাউনৰ সময়ত ৱৰ্ক ফৰ্ম হোম অথবা অনলাইন ক্লাছৰ বাবে ছুপাৰফাষ্ট ইণ্টাৰনেট সংযোগ বৰ্তমানৰ সময়ত বহুত প্ৰয়োজনীয় হৈ পৰিছে। এনে পৰিস্থিতিত, ৫জি নেটৱৰ্ক ছুপাৰফাষ্ট ইণ্টাৰনেট সংযোগ ইয়াৰ বাবে হ’ব এক ডাঙৰ পদক্ষেপ। ভাৰতৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ৫জি নেটৱৰ্কৰ ট্ৰায়েল ইতিমধ্যে আৰম্ভ হৈছে।

ভাৰতৰ বিখ্যাত মোবাইল নেটৱৰ্ক কোম্পানী এয়াৰটেলে দীৰ্ঘদিন ধৰি ভাৰতীয় গাওঁ আৰু চহৰসমূহৰ মাজৰ ডিজিটেল ব্যৱধান হ্ৰাস কৰাৰ বিষয়ে চিন্তা কৰি আহিছে। এয়াৰটেলে এতিয়া চহৰৰ লগতে গ্ৰাম্য অঞ্চললৈ দ্ৰুত গতিৰ ইণ্টাৰনেট সেৱা প্ৰসাৰিত কৰিবলৈ সাজু হৈছে।

শেহতীয়াকৈ এয়াৰটেলে দিল্লী এনচিআৰৰ এখন গাঁৱত ৫জি পৰীক্ষণ চলাইছিল। এই পৰীক্ষণত টেলিকম বিভাগৰ পৰা আৱণ্টিত স্পেকট্ৰাম পৰীক্ষা কৰা হৈছিল।

গ্ৰাম্য অঞ্চলত এয়াৰটেলৰ এইয়া প্ৰথম ৫জি পৰীক্ষণ। এই পৰীক্ষণবোৰ এয়াৰটেল আৰু ৫জি ডিভাইচ নিৰ্মাতা এৰিক্সনৰ দ্বাৰা কৰা হৈছে। এই পৰীক্ষণটোৰ লক্ষ্য হৈছে ভাৰতৰ গ্ৰামাঞ্চলত দ্ৰুত ৫জি সংযোগ কৰা।

লগতে পঢ়কঃমিজোৰামত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ

এয়াৰটেলে শেহতীয়াকৈ কেইবাবাৰো ৫জি ইন্টাৰনেটৰ পৰীক্ষণ কৰিছে। এয়াৰটেলে এতিয়া গ্ৰাম্য ভাৰতৰ গ্ৰাহকসকলৰ ওপৰত নিজৰ দখল শক্তিশালী কৰিবলৈ পেন ইণ্ডিয়া ৫জি পৰীক্ষণৰ ওপৰতো কাম কৰি আছে।শেহতীয়া এক পৰীক্ষণত প্ৰতি ছেকেণ্ডত 1000 গিগাবিট স্পীড লাভ কৰা হৈছিল বুলি কোম্পানীটোৰ ফালৰ পৰা উল্লেখ কৰিছিল।

এয়াৰটেলে মুম্বাইত নকিয়াৰ সৈতে Phoenix Mall এটা পৰীক্ষণো চলাইছিল য’ত সৰ্বাধিক ১ জিবিপিএছ গতি প্ৰাপ্ত হৈছিল।

গুৰুগ্ৰাম আৰু মুম্বাইৰ পিছত ভাৰতৰ গ্ৰামাঞ্চলত চলোৱা শেহতীয়া পৰীক্ষণত পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এই পদক্ষেপ সফল হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,324 other subscribers

Leave a comment

Leave a Reply