নিউজ ডেস্ক: কোৰোনাত আক্ৰান্ত হৈছে বলিউদৰ অভিনেতা অক্ষয় কুমাৰ । দেওবাৰে অভিনেতা গৰাকীৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি । বৰ্তমান অভিনেতা গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।অভিনেতা গৰাকীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱা গ্ৰহন কৰাৰ কথাও সদৰি কৰে ।
ইফালে ক্ৰমান্বয়ে দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন । এদিনতে দেশত কোভিডত আক্ৰান্ত হ’ল ৯৩,২৪৯ গৰাকী ।
কোৰোনাত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হয় ৫১৩ গৰাকীৰ । দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হয় ১,২৪,৮৫,৫০৯ জন ।কোৰোনাত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ সৰ্বমুঠ মৃত্যু হয় ১,৬৪,৬২৩ গৰাকী ।
বৰ্তমানলৈ দেশত ৭,৫৯,৭৯,৬৫১ গৰাকী লোকে গ্ৰহন কৰে কোভিড ভেকচিন ।
অসমত আকৌ ৬৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৬০১জনলৈ পাইছে বৃদ্ধি। ইফালে, শনিবাৰৰ দিনটোত সুস্থ হৈছে ৩২জন লোক।
এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫৫৪৯জনলৈ পাইছে বৃদ্ধি। আনহাতে, চিকিৎসাধীন হৈ আছে ৫৯৮জন ৰোগী। উল্লেখ্য যে, এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৩৪৭জন লোক।