নিউজ ডেস্কঃ বলীউড অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ দেহাৱসান। তেওঁ মুম্বাইৰ হীৰানন্দানী হস্পিতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। অৱশেষত বুধবাৰে শেষ নিশ্বাস ত্য়াগ কৰে অৰুণা ভাটিয়াই।
অভিনেতাগৰাকীয়ে টুইটযোগে এই দুঃখবৰটো শ্বেয়াৰ কৰে।
”আজি মই এক অসহনীয় যন্ত্ৰণা অনুভৱ কৰিছো। তেওঁ মোৰ বাবে সকলো আছিল। মোৰ মা, অৰুণা ভাটিয়াই আজি ৰাতিপুৱা এই পৃথিৱী এৰি গুছি গৈছে। মই আৰু মোৰ পৰিয়ালে অতি দুখৰ সময় মাজেৰে অতিবাহিত কৰিছো। ওম শান্তি।”
অভিনেতা অক্ষয় কুমাৰ তেওঁৰ পৰৱৰ্তী ছবি ‘চিণ্ড্ৰেলাৰ’ শ্বুটিঙৰ বাবে লণ্ডনত আছিল। মাতৃক আইচিইউত ভৰ্তি কৰোৱাৰ খবৰ পোৱা মাত্ৰকে তেওঁ সোমবাৰে ব্ৰিটেইনৰ পৰা মুম্বাইত আহি উপস্থিত হয়।
কিছু বছৰৰ পূৰ্বে অভিনেতাগৰাকীৰ পিতৃৰ বিয়োগ ঘটিছিল। এতিয়া মাতৃক হেৰুৱাই শোকত মৰ্মাহত হৈ পৰিছে অক্ষয় কুমাৰ ।
লগতে পঢ়কঃকেতিয়াবা যদি কমিছে, কেতিয়াবা আকৌ হুৰহুৰাই বাঢ়িছে আক্রান্তৰ সংখ্যা