নিউজ ডেস্কঃ এইবাৰ হলিউডত ভৰি দিলে ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে। ছচিয়েল মিডিয়াযোগে খোদ এই কথা ঘোষণা কৰিলে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে। জানিব পৰা মতে, হলিউডৰ নিৰ্মীয়মান চলচ্চিত্ৰ হাৰ্ট অৱ ষ্টন (Heart of Stone)ৰ শ্বুটিঙত ব্যস্ত হৈ পৰিছে আলিয়া।

শেহতীয়াকৈ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আলিয়া ভাটে অভিনয় কৰা নিৰ্মীয়মান হলিউডৰ ছবিখনত আছে বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী। Heart of Stone ছবিখনত আলিয়াৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী গাল গেডট, জেমী ডৰ্ণান, মেথিয়াছ স্কৱেইঘৰ্ফৰ।

ইনষ্টাগ্ৰামত এখন বাহনৰ ভিতৰত তোলা ফটো শ্বেয়াৰ কৰি আলিয়াই লিখিছে- “And off I go to shoot my first ever Hollywood film!!!! Feel like a newcomer all over again – sooooo nervous!!!! Wish me luckkkkkkk.”

ইফালে, ইতিমধ্যে হলিউডত প্ৰতিষ্ঠিত ভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই আলিয়াৰ পোষ্টত লিখিছে- “You’re gonna crush it!”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply