নিউজ ডেস্ক : আজিৰ পৰা কাৰ্য্যকৰী হোৱাকৈ নাগালেণ্ডত পুনৰ ৬ মাহৰ বাবে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ নাগালেণ্ডক ‘অশান্ত আৰু বিপজ্জনক’ ৰাজ্যৰ আখ্যা দি ৬ মাহলৈ আফস্পা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰা বিষয়ত পৰ্য্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্য্যায়ৰ কমিটি গঠন কৰাৰ মাত্ৰ কেইদিনমান পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
যোৱা কেইবা দশক ধৰি নাগালেণ্ডৰ উপৰি উত্তৰ-পূবৰ আন তিনিখন ৰাজ্য (অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশ)-ত এই আইনখন বলৱৎ হৈ থকাৰ লগতে প্ৰত্যেক ৬ মাহৰ অন্তৰে অন্তৰে ইয়াক বৃদ্ধি কৰি থকা হয়।
উল্লেখযোগ্য যে যোৱা ৪ আৰু ৫ নৱেন্বৰত নাগালেণ্ডৰ মন জিলাত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ১৪ জনকৈ সাধাৰণ লোকক গুলীয়াই হত্যা কৰিছিল, উক্ত গুলীচালনাত আন ১১ জনক আহত হৈছিল।
নিৰীহ নাগৰিকক নিৰাপত্তা বাহিনীয়ে এইদৰে গুলীয়াই হত্যাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যখনৰ দল-সংগঠন তথা সাধাৰণ লোকে ব্যাপক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে আফস্পা বাতিলৰ দাবী তুলিছিল।
ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত আফস্পা বাহাল ৰখা-নৰখা বিষয়টো পৰ্য্যলোচনা কৰিবলৈ কিছুদিন পূৰ্বে এখন উচ্চ পৰ্য্যায়ৰ কমিটি গঠন কৰে। উক্ত কমিটিয়ে ৪৫ দিনৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব বুলি নাগালেণ্ড চৰকাৰে যোৱা ২৬ ডিচেম্বৰত এখন প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে।
লগতে পঢ়ক : তিৱা জনজাতিৰ লোকসকলৰ ‘ৱানছ্যুৱা’ উৎসৱৰ সফল সামৰণি