নিউজ ডেস্ক: দেশৰ উচ্চতম ন্যায়ালয়ে আজি গৰ্ভপাত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ এ বোপান্নাৰ বিচাৰপীঠে উক্ত ৰায় যোগে দেশৰ সকলো মহিলাৰে গৰ্ভপাতৰ অধিকাৰ আছে বুলি কয়।
মেডিকেল টাৰ্মিনেচন অৱ প্ৰেগনেন্সি, চমুকৈ MTP আইনৰ অধীনত বিবাহিত, অবিবাহিত সকলো মহিলাৰ গৰ্ভধাৰণৰ ২৪ সপ্তাহৰ ভিতৰত নিৰাপদ আৰু বৈধ গৰ্ভপাতৰ অধিকাৰ আছে।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে গৰ্ভপাতৰ সন্দৰ্ভত বিবাহিত আৰু অবিবাহিতৰ মাজত কোনো ধৰণৰ পাৰ্থক্য ৰখা উচিত নহয় বুলি উল্লেখ কৰি এনে কাৰ্য অসাংবিধানিক বুলি কয়।
তদুপৰি ন্যায়ালয়ে ‘বৈবাহিক ধৰ্ষণ’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, “অসন্মতিক্ৰমে যৌন সম্পৰ্ক স্থাপন কৰা আৰু সংগীৰ সৈতে যৌন সম্পৰ্কৰ বাবে হিংসাৰ আশ্ৰয় লোৱাটো ধৰ্ষণৰ সমান। এনে অৱস্থাত মহিলাসকল বলপূৰ্বকভাৱে গৰ্ভৱতী হ’ব পাৰে। ধৰ্ষণৰ অৰ্থ বুজি লওক।‘’
‘’বৈবাহিক ধৰ্ষণো এম টি পি আইনৰ অধীনত আহিব পাৰে। নাৰীক অবাঞ্চিত গৰ্ভধাৰণৰ পৰা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। জোৰকৈ গৰ্ভধাৰণ কৰাটোও ধৰ্ষণ,” তেওঁ কয়।
লগতে পঢ়ক – ‘কেপ্তেইন ফেন্টাষ্টিক’ ছিৰিজৰ মুক্তিৰ পিছত সুনীল ছেত্ৰীক মোদীৰ অভিনন্দন