নিউজ ডেস্কঃ সমাজবাদী দলৰ এগৰাকী নেতা আৰু দুজন আন ব্যক্তিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে এজাহাৰ দাখিল কৰা হৈছে। স্থানীয় আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয় যে- ইছলামনগৰ থানাৰ অন্তৰ্গত এলেকাৰ অনুপ সিং নামৰ এগৰাকী ব্যক্তিসহ তিনিজনৰ বিৰুদ্ধে বহু কেইটা ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে।
আৰক্ষীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে- এজাহাৰত উল্লেখ কৰা মতে, কেইজনমান ঠিকাদাৰে শুকুৰবাৰে বিভিন্ন বিষয়ক লৈ আলোচনা কৰি আছিল। সেই সময়তে একাংশ ঠিকাদাৰে ৰাজনৈতিক বিষয়ক লৈ চৰ্চা আৰম্ভ কৰে আৰু ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা, ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ লগতে বিজেপি আৰু সমাজবাদী পাৰ্টীৰ চৰকাৰৰ মাজত তুলনা কৰিবলৈ আৰম্ভ কৰে।
তাৰপাছত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে- এই আলোচনাৰ মাজতে মাজতে সমাজবাদী পাৰ্টীৰ এগৰাকী কৰ্মীয়ে প্ৰধানমন্ত্ৰী আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰিবলৈ আৰম্ভ কৰে। আৰু অৱশেষত এজাহাৰৰ ভিত্তিত তিনিজনক গ্ৰেপ্তাৰ কৰা হয়।