নিউজ ডেস্ক: দিল্লী আৰক্ষীয়ে সোমবাৰে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু সংঘৰ্ষৰ উচতনি জনোৱাৰ অভিযোগত সাংবাদিক তথা ফেক্ট-চেকিং ৱেবছাইট Alt News-ৰ সহ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰে।
‘@balajikijaiin’-নামৰ এটা টুইটাৰ হেণ্ডেলে চলিত মাহত দিয়া এখন এজাহাৰৰ ভিত্তিত জুবেইৰক গ্ৰেপ্তাৰ কৰা হয়। লোক গৰাকীয়ে এজাহাৰত অভিযোগ কৰা মতে জুবেইৰে ‘‘ইচ্ছাকৃতভাৱে এটা ধৰ্মৰ ভগৱানক অপমান কৰাৰ বাবে’’ এখন ‘আপত্তিজনক’ ছবি টুইট কৰিছিল।
জানিব পৰা মতে, মহম্মদ জুবেইৰে ২০১৮ চনৰ মাৰ্চত উক্ত টুইটটো দিছিল। জুবেইৰক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৫৩ (সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যৰে ইচ্ছাকৃতভাৱে জনোৱা) আৰু ২৯৫A (ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্য্য, যিকোনো শ্ৰেণীৰ ধৰ্মীয় অনুভূতিক ক্ষুব্ধ কৰাৰ উদ্দেশ্যে কৰা) অধীনত গ্ৰেপ্তাৰ কৰা হয়।
Alt News-ৰ সহ প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই জনোৱা মতে জুবেইৰক ২০২০ চনৰ এটা পৃথক গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল, উক্ত গোচৰত আদালতে তেওঁক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰিছে। কিন্তু এই নতুন গোচৰটোত কোনো বাধ্যতামূলক জাননীৰ অবিহনে তেওঁক গ্ৰেপ্তাৰ কৰা হয়, সিনহাই কয়।
আনহাতে আৰক্ষীৰ মতে জুবেইৰক প্ৰথমে এটা পুৰণি গোচৰত সোধা-পোছা কৰা হৈছিল যদিও তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ থকাৰ পিছত নতুন গোচৰটোত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁক এতিয়াও সোধা-পোছা কৰি থকা হৈছে আৰু আৰক্ষীয়ে আজি তেওঁক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰি অধিক দিনৰ বাবে জিম্মাত বিচাৰিব।
প্ৰাপ্ত তথ্য মতে জুবেইৰৰ বিৰুদ্ধে থকা পুৰণি গোচৰটো ২০২০ চনত এগৰাকী ছোৱালীক টুইটাৰত হাৰাশাস্তি কৰাৰ অভিযোগত ৰুজু কৰা হৈছিল।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংবাদিক গৰাকীক এইদৰে গ্ৰেপ্তাৰ কৰাৰ বাবে বিজেপি চৰকাৰক সমালোচনা কৰি টুইট দিয়ে। ‘’সত্যৰ এটা কণ্ঠ গ্ৰেপ্তাৰ কৰিলে এনে হাজাৰটা কণ্ঠৰ জন্ম হ’ব,’’ তেওঁ কয়।
একেদৰে জ্যেষ্ঠ কংগ্ৰেছেী নেতা তথা সাংসদ শশী থাৰুৰেও জুবেইৰৰ গ্ৰেপ্তাৰক ‘সত্যৰ ওপৰত আঘাত’ বুলি অভিহিত কৰি তেওঁক মুকলি কৰি দিয়াৰ দাবী জনায়।
লগতে পঢ়ক – “অগ্নিপথ আঁচনিয়ে সুৰক্ষিত নকৰে যুৱ প্ৰজন্মক”- যুৱ কংগ্ৰেছ