নিউজ ডেস্কঃ ৭ অক্টোবৰত ঘোষণা কৰা হ’ব শান্তিৰ নবেল বঁটা। এই বঁটাৰ দাবীদাৰসকলৰ ভিতৰত আছে তিনিজন ভাৰতীয়। তেওঁলোক হৈছে অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহা, মহম্মদ জুবেইৰ আৰু ভাৰতীয় লেখক হৰ্ষ মান্দেৰ।

নৰৱেৰ অছলোৰ পৰা শান্তিৰ নবেল বঁটা ঘোষণা কৰা হ’ব। আটাইতকৈ সন্মানীয় এই বঁটা ঘোষণাৰ পূৰ্বে কোন এই বঁটাৰ অধিকাৰী হ’ব আৰু দৌৰৰ শীৰ্ষত কোন আছে তাকে লৈ জল্পনা-কল্পনা চলি আছে।

টাইম আলোচনীখনে নৰৱেৰ আইন প্ৰণেতাসকলৰ জৰিয়তে প্ৰকাশ কৰা মনোনয়ন, বুকমেকাৰসকলৰ ভৱিষ্যতবাণী আৰু শান্তি গৱেষণা প্ৰতিষ্ঠান অছলোৰ বাছনিৰ ওপৰত আধাৰিত কৰি এক সাম্ভাব্য ব্যক্তিৰ তালিকা প্ৰস্তুত কৰিছিল।

তালিকাখনত সাংবাদিক প্ৰতীক সিনহা আৰু মহম্মদ জুবেইৰ নাম অন্তৰ্ভুক্ত আছে, যিসকলে ভাৰতত নিৰন্তৰ ভুল তথ্যৰ সৈতে যুঁজি আছে। টাইম আলোচনীয়ে প্ৰকাশ কৰা প্ৰতিবেদনখনত কোৱা হৈছে সম্ভাৱ্য নোবেল বিজয়ীসকলৰ তালিকাত জুবেইৰৰ অন্তৰ্ভুক্তি বিশেষভাৱে চৰ্চিত হৈ পৰিছে। ফেক্ট চেকৰ জৰিয়তে দেশৰ শাসকপক্ষৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া জুবেইৰ শেহতীয়াকৈ ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ কেইবাদিন ধৰি কাৰাগাৰত আৱদ্ধ থাকিবলগীয়া হৈছিল।

এটা টুইটৰ জৰিয়তে ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগত জুবেইৰক দিল্লী আৰক্ষীয়ে ২৭ জুনত গ্ৰেপ্তাৰ কৰিছিল। জুবেইৰৰ গ্ৰেপ্তাৰক সমগ্ৰ বিশ্বৰ সাংবাদিকসকলে গৰিহণা দিছিল। জুবেইৰৰ বিৰুদ্ধে লোৱা এই পদক্ষেপ তেওঁৰ তথ্য অনুসন্ধানৰ ক্ষেত্ৰত এক প্ৰতিশোধমূলক পদক্ষেপ।

উল্লেখ্য যে, টাইম আলোচনীত প্ৰকাশিত তালিকাখনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা, বেলাৰুছৰ বিৰোধী ৰাজনীতিবিদ স্বেতলানা শিখাউস্কায়া, বিশ্ব স্বাস্থ্য সংস্থা, ৰাছিয়াৰ কাৰাগাৰত বন্দী বিৰোধী নেতা আৰু দুৰ্নীতি বিৰোধী কৰ্মী আলেক্সি নাভালনি আৰু চুইডিছ জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গো অন্তৰ্ভুক্ত আছিল ।

শান্তি গৱেষণা প্ৰতিষ্ঠান অছলো (পিআৰআইঅ’)ৰ সঞ্চালক হেনৰিক উৰ্দালেও শান্তি নোবেল বঁটা বিজয়ীসকলৰ এখন সম্ভাৱ্য সংক্ষিপ্ত তালিকা মুকলি কৰিছিল। তেওঁৰ তালিকাত আছে ভাৰতীয় লেখক হৰ্ষ মান্দেৰ । উৰ্দালে সিনহা আৰু জুবেইৰক ভাৰতত ধৰ্মীয় উগ্ৰবাদ আৰু অসহিষ্ণুতাৰ বিৰুদ্ধে যুঁজ দিয়া পুৰষ্কাৰৰ বাবেও আন এক যোগ্য প্ৰাৰ্থী বুলিও অভিহিত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply