নিউজ ডেস্ক : পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদকলৈ চলি থকা যুঁজ বাগৰত অৱশেষত আসন এৰিবলৈ বাধ্য হ’ল অমৰিন্দৰ সিঙ। মুখ্যমন্ত্ৰী পদৰ পৰা অৱশেষত পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে। পাঞ্জাৱৰ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰিলে অমৰিন্দৰ সিঙে।

পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পদকলৈ বিগত সময়ছোৱাত অমৰিন্দৰ সিঙ আৰু নৱজোৎ সিং সিদ্ধু মাজত চলি আছিল যুঁজ। মুখ্যমন্ত্ৰীৰ পদকলৈ এই দুই নেতাৰ যুঁজত অৱশেষত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ পৰাস্ত হ’বলগীয়া হ’ল। কেন্দ্ৰীয় নেতৃত্বই সিদ্ধুক কংগ্ৰেছ সভাপতিৰ দায়িত্ব দিয়াৰ পিছতো দুয়োৰে মাজত চলি থকা যুঁজ খন কমা নাছিল ।

আজি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী পদকলৈ এক দীঘলীয়া বৈঠকো অনুষ্ঠিত হয়। প্ৰায় ৪০ জনকৈ বিধায়ক নৱজোৎ সিং সিদ্ধুৰ পক্ষত থকাৰ বাবে অমৰিন্দৰ সিঙৰ শিবিৰ দুৰ্বল হৈ পৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিঅ’ই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে

অৱশেষত নিজৰ পৰাজয় স্বীকাৰ কৰি অমৰিন্দৰ সিঙে নিজে ৰাজ্যপালক সাক্ষাৎ কৰি নিজৰ পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে। এতিয়া পাঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব নৱজোৎ সিং সিদ্ধু।

অহা বছৰ হবলগীয়া ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে দুয়োজন নেতাৰ সংঘাতে দলটোলৈ অশনি সংকেট আনিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply