নিউজ ডেস্কঃ শুকুৰবাৰে সন্ধিয়া দক্ষিণ কাশ্মীৰৰ পবিত্ৰ অমৰনাথ গুহাৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানপানীৰ ফলত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে, আহত হৈছে ৪৮জন আৰু প্ৰায় ৪০ জন লোক সন্ধানহীন হৈ আছে বুলি প্ৰশাসনে জনাইছে। উদ্ধাৰ কৰা মৃতদেহকেইটা শনিবাৰে ৰাতিপুৱা বালতাললৈ প্ৰেৰণ কৰা হৈছে। আহতসকলক চিকিৎসাৰ বাবে আৰ্মী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সেনাৰ এজন মুখপাত্ৰই কয় যে আহতসকলক উদ্ধাৰ কৰিবলৈ আৰু সন্ধানহীন তীৰ্থযাত্ৰীসকলৰ সন্ধানৰ বাবে সেনা, এন ডি আৰ এফ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীৰ জোৱানসকলৰ ছয়টা দল মোতায়েন কৰা হৈছে। লগতে কাশ্মীৰৰ পট্টান আৰু শ্বৰিফাবাদ অঞ্চলৰ পৰা ডগ স্কোৱাড হেলিকপ্টাৰেৰে পঞ্জতৰানীলৈ প্ৰেৰণ কৰা হৈছে।

ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে অমৰনাথ শ্ৰাইন বোৰ্ডে(Amarnath Shrine board) অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply