নিউজ ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৰ্ষাৰণ্য এমেজনত প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ থকা দুটি শিশুক উদ্ধাৰ কৰা হৈছে। এতিয়া এই শিশু দুটিৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এই ফটো কেইখন ‘দ্য ছন’ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা হয়।
দ্য ছনে প্ৰকাশ কৰা অনুসৰি, শিশু দুটি ভাতৃ ২৭ দিন ধৰি এমেজনত নিৰুদ্দেশ হৈ আছিল। এই ঘটনা ব্ৰাজিলৰ মেনীকৌৰত সংঘটিত হৈছে। কাঠ ফলা এজন ব্যক্তিয়ে এই শিশু দুটিক প্ৰত্যক্ষ কৰাৰ পাছত দুয়োকে উদ্ধাৰ কৰে।
ইফালে, পাব্লিক ছিকিউৰিটী ছেক্ৰেটেৰীয়েটৰ মতে- উদ্ধাৰ কৰা শিশু দুটিক বিমানযোগে ৰাজধানী মনৌসলৈ নিয়া হৈছে। আনহাতে, ফটোত দেখা গৈছে যে, কণমানি দুটাই খাদ্যৰ অভাৱত ২৭দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছত সৌভাগ্যক্ৰমে উদ্ধাৰ কৰা হয় যদিও দুয়োৰে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছে।