নিউজ ডেস্ক: অ্যাম্বাসাডৰ, এটা স্মৃতিজড়িত চিনাকী নাম। এসময়ত অভিজাত শ্ৰেণীটোৰ গাম্ভীৰ্য্যৰ প্ৰতীক আছিল এই অ্যাম্বাসাডৰ গাড়ী। কিন্তু আজি আৰু সেই দিন নাই, এতিয়া বজাৰ ভৰি পৰিছে অত্যাধুনিক ব্যয়বহুল বিলাসী গাড়ীৰে।
ইয়াৰ মাজতে পুনৰ এবাৰ নতুন ৰূপত ঘূৰি আহিবলৈ সাজু হৈছে এই ‘ৰাজকীয়’ গাড়ীখন। অৱশ্যে এইবাৰ অ্যাম্বাসাডৰক আগৰ দৰে নহয়, ইলেক্ট্ৰিক ভাৰ্জনত দেখিবলৈ পোৱা যাব।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অ্যাম্বাসাডৰ গাড়ীৰ নিৰ্মাতা হিন্দুস্তান মটৰ্ছে ইউৰোপৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা Peugeot-ৰ সৈতে মিলি ইলেকট্ৰিক অ্যাম্বাসাডৰ নিৰ্মাণ কৰিব।
ইতিমধ্যে এই সংক্ৰান্তত দুয়োটা কোম্পানিৰ মাজত চুক্তি স্বাক্ষৰ হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে হিন্দুস্তান মটৰ্ছে ইউৰোপৰ ইলেক্ট্ৰিক গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান Peugeot ক ৮০ কোটি টকাৰ বিনিময়ত অ্যাম্বাসাডৰ নামটো বিক্ৰী কৰিছিল।
২০১৪ চনৰ ছেপ্টেম্বৰত পশ্চিমবংগত থকা হিন্দুস্তান মটৰ্ছৰ উত্তৰপাৰা প্লান্টত অন্তিমখন অ্যাম্বাসাডৰ গাড়ী মুকলি কৰা হৈছিল।
প্ৰাপ্ত তথ্য মতে, নতুন ইলেক্ট্ৰিক অ্যাম্বাসাডৰ হিদুস্তান মটৰ্ছৰ চেন্নাই প্লান্টত নিৰ্মাণ কৰা হ’ব, এসময়ত ইয়াত মিটসুবিশ্যি (Mitsubishi) গাড়ী নিৰ্মাণ কৰা হৈছিল।
লগতে পঢ়ক – কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল; অসমৰ দুগৰাকী, শীৰ্ষ ৩ টা স্থানতে মহিলা