নিউজ ডেস্কঃ আমেৰিকাৰ টেক্সাছ আৰু অকলাহোমাত ভয়ংকৰ ঘূৰ্ণীবতাহে চলাইছে তাণ্ডৱ। এই ঘূৰ্ণীবতাহৰ ফলত বহু গছ-গছনি উভালি পৰাৰ উপৰিও ভাঙি যায় কেবাটাও বাসগৃহ। এই ঘূৰ্ণবতাহৰ গতিবেগ ইমানেই বেছি আছিল যে, ইয়াৰ বাবে ঘাইপথ আৰু বিমান বন্দৰসমূহ বন্ধ ৰাখিবলগীয়া হয়।

বতৰ বিজ্ঞানীসকলৰ মতে, এই ঘূৰ্ণীবতাহে টেক্সাছ আৰু অকলাহোমাত আৰু কিছুদিনৰ বাবে তাণ্ডৱ চলাব পাৰে। ইতিমধ্যে এই ঘূৰ্ণীবতাহৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ কিছু ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আমেৰিকাৰ PowerOutage.usৰ মতে, এই ঘূৰ্ণীবতাহৰ ফলত প্ৰায় ৪৫ হাজাৰ লোকৰ বাসগৃহত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে। আন্ধাৰত থাকিবলগীয়া হৈছে এই হাজাৰ হাজাৰ লোকসকল।

ইফালে, ভাইৰেল হোৱা ভিডিঅত দেখা পোৱা গৈছে যে, ঘূৰ্ণীবতাহৰ মাজত আৱদ্ধ হৈ পৰে এখন মিনি ট্ৰাক। আৰু ঘূৰ্ণীবতাহে এই ট্ৰাকখন কিছু দূৰ চোঁচৰাই লৈ যায়। অৱশ্যে সৌভাগ্যক্ৰমে চালকজনে গাড়ীখন নিয়ন্ত্ৰণ কৰি পুনৰ পথৰে আগুৱাই লৈ যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply