নিউজ ডেস্কঃ ভাৰতীয় লোকপিয়লৰ ইতিহাস ১৫০ বছৰীয়া পূৰণি। দেশত প্ৰথমবাৰৰ বাবে লোকপিয়ল ১৮৭২চনত হৈছিল। তাৰপাছত ১৮৮১চনত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে এই লোকপিয়ল প্ৰক্ৰিয়া সম্পন্ন হৈছিল।

প্ৰতি ১০ বছৰৰ অন্তৰালত দেশত লোকপিয়ল কৰা হয়। সেই অনুসৰি, ২০২১চনত ১৬ সংখ্যক লোকপিয়ল কৰিবলগীয়া আছিল যদিও, কোভিড সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে লোকপিয়ল কৰা নহ’ল। 

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে- আগন্তুক লোকপিয়ল ই-লোকপিয়ল হ’ব। ই-লোকপিয়ল পদ্ধতি ১০০ শতাংশ সঠিক। আৰু এই ই-লোকপিয়লৰ ওপৰতে ভিত্তি কৰি আগন্তুক ২৫ বছৰৰ বাবে ৰোডমেপ প্ৰস্তুত কৰা হ’ব।

লোকপিয়লৰ জৰিয়তে কেৱল দেশৰ জনসংখ্য়া কিমান, জন্ম-মৃত্যুৰ হিচাপেই উলিওৱা নহয়, ইয়াৰ লগত জড়িত থাকে আৰ্থিক গতিবিধি, শিক্ষা, আবাস, চহৰীকৰণ, জন্মৰ হাৰ, মৃত্যুৰ হাৰ, ঘৰুৱা লাভালাভ আদিৰ হিচাপ। মন কৰিবলগীয়া যে, বৰ্তমানলৈ লোকপিয়ল লিখিত পদ্ধতিৰে কৰি অহা হৈছে।

চৰকাৰী বিভাগসমূহৰ বিষয়া-কৰ্মচাৰী সকলে ঘৰে ঘৰে গৈ লোকপিয়লৰ বাবে তথ্যসমূহ যোগোত কৰিছিল। আৰু তাৰপাছত সেই তথ্যৰ ওপৰতে ভিত্তি কৰি লোকপিয়ল কৰা হৈছিল। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আৰম্ভণিৰ পৰা সমাপ্ত হোৱালৈকে প্ৰায় দুবছৰৰ সময় লৈছিল। কিন্তু ই-লোকপিয়লৰ জৰিয়তে এই সময় হ্ৰাস পাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply