নিউজ ডেস্ক– বলীউদৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনক সন্মানিত কৰা হ’ব আন্তৰ্জাতিক ফেডাৰেচন অফ ফিল্ম আৰ্কাইভ (এফআইএএফ) বঁটাৰে। ১৯ মাৰ্চত অনুষ্ঠিত হ’ব লগা এক ভাৰ্চুৱেল অনুষ্ঠানত বিগ বিক আগবঢ়োৱা হ’ব এই সন্মান। হলীউদৰ বিখ্যাত পৰিচালক ক্ৰিষ্টিফাৰ ন’লন আৰু মাৰ্টিন স্কৰ্চেজে অভিনেতাগৰাকীক আগবঢ়াব এই বঁটা।
অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত কয়, ‘’ ২০২১ বৰ্ষৰ এফআইএএফ বঁটা লাভ কৰাৰ বাবে মই নিজকে বহুত গৌৰাৱান্বিত অনুভৱ কৰিছোঁ। এই কাৰণে মই গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। আমি এই ধাৰণাটো শক্তিশালী কৰিব লাগিব যে চলচ্চিত্ৰ সংৰক্ষণ কৰাটো চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ দৰেই গুৰুত্বপূৰ্ণ। ‘’
মেগাষ্টাৰ অমিতাভ বচ্চন এফআইএএফ বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয়। প্ৰবীণ অভিনেতাজনক বিশ্বৰ চলচ্চিত্ৰ ঐতিহ্য ৰক্ষাত তেওঁৰ সমৰ্পণ আৰু অৱদানৰ এই বঁটা আগবঢ়োৱা হৈছে ।
বিগ বি অমিতাভ বচ্চনক সন্মানিত কৰা হ’ব FIAF বঁটাৰে
হলীউদৰ বিখ্যাত পৰিচালক ক্ৰিষ্টিফাৰ ন’লন আৰু মাৰ্টিন স্কৰ্চেজে অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰিব
