পুনৰ দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান। ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ হৰছিট সিনহাৰ মৃত্যু।
ভাৰতীয় বায়ুসেনাৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে নিশা প্রায় ৮:৩০ বজাত জয়ছালমীৰৰ ছেম আৰক্ষী থানাৰ অন্তৰ্গত ডেজাৰ্ট নেশ্যনেল পাৰ্কত প্রশিক্ষণৰ বাবে উৰা মৰাৰ কিছু সময় পিছতে দুৰ্ঘটনাগ্রস্ত হয় যুঁজাৰু বিমানখন।
দুৰ্ঘটনাক লৈ বায়ু সেনাৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ। দুৰ্ঘটনাৰ সন্দৰ্ভত টুইটাৰযোগে সদৰি কৰিছে বায়ু সেনাই।
লগতে পঢ়ক- আদাবাৰীত মুকলি হ’ল অটল উদ্যান