নিউজ ডেস্ক: মঙলবাৰে দেশৰ ৪০ সংখ্যক প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে আই এ এছ গিৰিধৰ অৰ্মানে। তেওঁ প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰৰ অৱসৰৰ পিছত তেওঁৰ স্থানত স্থলাভিষিক্ত হৈছে। প্ৰতিৰক্ষা এক্সপ’-২০২২ৰ সময়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে প্ৰতিৰক্ষা মন্ত্ৰালয়ত যোগদান কৰিছিল।
যোৱা মাহৰ ১৯ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে বহু বিভাগৰ সচিবক সালসলনি কৰিছিল, যাৰ অধীনত এতিয়া নিযুক্তি আৰম্ভ হৈছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব গিৰিধৰ আৰ্মানেক প্ৰতিৰক্ষা বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিছিল।
২০২০ চনৰ ১ মে’ত পথ আৰু পৰিবহণ ঘাইপথ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰ্মানে। ইয়াৰ পূৰ্বে আৰ্মানে কেবিনেট সচিবালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০১২-১৪ চনৰ ভিতৰত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
অন্ধ্ৰ প্ৰদেশ কেডাৰৰ ১৯৮৮ বেচৰ আই এ এছ অফিচাৰ আৰ্মানে আই আই টি মাদ্ৰাজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত এমটেক কৰাৰ লগতে অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে। আই আই এম বেংগালুৰু, আই আই এফ টি নতুন দিল্লী, পুনেৰ টাটা মেনেজমেণ্ট এণ্ড ট্ৰেইনিং ইনষ্টিটিউট, ছিংগাপুৰ আৰু ফ্ৰান্সত বিত্ত আৰু বেংকিং খণ্ডৰ প্ৰশিক্ষণ লৈছে দেশৰ নতুন প্ৰতিৰক্ষা সচিব আৰ্মানে। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ক্ষেত্ৰ আৰু নীতি পৰ্যায়তো বিভিন্ন পদত কাম কৰি সাংগঠনিক আৰু বিত্ত বিষয়ত বিপুল অভিজ্ঞতা থকা অৰ্মানে।
কৰ্মী আৰু প্ৰশিক্ষণ বিভাগৰ এক বিবৃতিত কোৱা হৈছে যে ৩১ অক্টোবৰত অৱসৰ গ্ৰহণ কৰা প্ৰতিৰক্ষা বিভাগৰ সচিব ড০ অজয় কুমাৰৰ পিছত তেওঁ কাৰ্যনিৰ্বাহ কৰিছে। আই আই টি কানপুৰ আৰু ইউনিভাৰ্চিটি অৱ মিনেছ’টাৰ প্ৰাক্তন ছাত্ৰ। মিনেছ’টা বিশ্ববিদ্যালয়ে তেওঁক পৃথকে পৃথকে দুটা ফেল’শ্বিপ প্ৰদান কৰিছিল। ২০১৯ চনৰ ২৩ আগষ্টত ড০ অজয় কুমাৰে ভাৰতৰ ৩৯ সংখ্যক প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে।
লগতে পঢ়ক – ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি? খাৰ্গেৰ ইংগিতপূৰ্ণ মন্তব্য