নিউজ ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাত ভয়ংকৰ দুৰ্ঘটনা। ৰেলপথ পাৰ হ’ব লওতেই বিপৰীত দিশৰ পৰা অহা এখন ৰেলে মহতিয়াই নিলে ছজনকৈ লোকক। বাটুৱাগাঁও নামৰ অঞ্চলত ছেকেন্দ্ৰাবাদ-গুৱাহাটী চুপাৰফাষ্ট এক্সপ্ৰেছৰ একাংশ যাত্ৰীয়ে চেইন টানি ৰেলখন ৰখাইছিল ।

যাত্ৰীসকলে ৰেলৰ পৰা নামি ৰেলৰ ট্রেক পাৰ হ’বলৈ ধৰোঁতে বিপৰীত দিশৰ পৰা তীব্ৰ গতিত আহি থকা ভুৱেনেশ্বৰ-মুম্বাই কোনাৰ্ক এক্সপ্ৰেছে যাত্ৰীকেইজনক মহতিয়াই নিয়ে।

এই ঘটনাত দুৰ্ঘটনাস্থলীতে ৬ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হয়। আহতসকলক শ্ৰীকাকুলাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়কঃ২৩এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং

মৃত লোককেইজন গুৱাহাটী অভিমুখী এখন এক্সপ্ৰেছ ৰে’লৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে দিয়া তথ্য মতে, বাটুৱা গাঁৱত কাৰিকৰী সমস্যাৰ বাবে ৰে’লখন ৰৈ যোৱাৰ সময়ত গুৱাহাটী অভিমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কিছুযাত্ৰী ৰে’লপথলৈ নামি আহিছিল।তেতিয়াই বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছে লোক কেইগৰাকীক খুন্দা মাৰে।মৃত লোককেইজনৰ ভিতৰত দুজন যাত্ৰী অসমৰ বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, এজনক ওড়িশাৰ ব্ৰহ্মপুৰম অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ বাকী দুজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply