নিউজ ডেস্ক: মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠাৰ পিছতেই পদত্যাগ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল অনিল দেশমুখৰ বিৰুদ্ধে। মুম্বাই আৰক্ষীৰ প্ৰাক্তণ আয়ুক্ত পৰম বীৰ সিঙে এক পত্ৰ যোগে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তুলিছিল বিস্ফোৰক অভিযোগ । য’ত গৃহমন্ত্ৰী গৰাকীয়ে সকলো বাৰ আৰু হোটেলৰ পৰা মাহে ১০০ কোটি টকা তুলিবৰ বাবে নিৰ্দেশ দিয়াৰ কথা উল্লেখ আছিল ।
এই ঘটনাৰ
CBIক ১৫ দিনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদনৰ নিৰ্দেশ দিছিল বোম্বে উচ্চ ন্যায়ালয়ে। ইয়াৰ পিছতে আজি পদত্যাগ কৰে অনিল দেশমুখে। মহাৰাষ্ট্ৰৰ প্ৰাক্তণ আৰক্ষী আয়ুক্তই গৃহ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ২৫ মাৰ্চত এই বিষয়ে অৱগত কৰিছিল ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক।