নিউজ ডেস্ক: ফৰাচী লেখিকা এনি এৰনো (Annie Ernaux)-এ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। ৮২ বছৰীয়া ফৰাচী লেখকগৰাকীয়ে মূলতঃ আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছে। এৰনো সম্পৰ্কত নোবেল কমিটিয়ে কয় যে তেওঁ অত্যন্ত সাহসী আৰু আৰু বলিষ্ঠ ভাষা শৈলীৰে বিভিন্ন শ্ৰেণীৰ লোকৰ দুখ-কষ্ট পাঠকৰ সন্মুখলৈ লৈ আনে।

Annie Ernaux-ৰ প্ৰথমখন উপন্যাস প্ৰকাশ পাইছিল ১৯৭৪ চনত, উপন্যাসখনৰ নাম Les armoires vides। ১৯৮৩ চনত প্ৰকাশিত তেওঁৰ চতুৰ্থখন উপন্যাস La Place পাঠক তথা সমালোচকৰ দ্বাৰা যথেষ্ট সমাদৃত হৈছিল। উক্ত উপন্যাসখনত নিজৰ পিতৃৰ সৈতে থকা তেওঁৰ সম্পৰ্কক তুলি ধৰিছিল।

২০খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰা Annie Ernaux-ৰ আন এখন উচ্চ প্ৰশংসিত উপন্যাস হৈছে ২০০৮ চনত প্ৰকাশিত The Years।  

লগতে পঢ়ক – ১৭ বছৰ অনূৰ্ধ্ব মহিলা ফিফা বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply