নিউজ ডেস্কঃ পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা। মধ্যপ্ৰদেশৰ বালাঘাটৰ পাহাৰৰ মাজত সংঘটিত বিমান দুৰ্ঘটনাত এজন পাইলাট আৰু এজন প্ৰশিক্ষাৰ্থী থিতাতে নিহত।
শনিবাৰে বিয়লি সংঘটিত হোৱা এই দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ পাইলটৰ আসনত আছিল প্ৰশিক্ষক মোহিত ঠাকুৰ আৰু প্ৰশিক্ষাৰ্থী হিচাপে আছিল ভি মহেশ্বৰী। মোহিত ঠাকুৰৰ ঘৰৰ হিমাচল প্ৰদেশত আৰু ভি মহেশ্বৰী ঘৰ গুজৰাটত।
দুৰ্ঘটনা সংঘটিত হোৱা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক আদিত্য মিশ্ৰাই কয় যে, বিমানখন এখন প্ৰশিক্ষাৰ্থী বিমান আছিল, যিখন মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ বিৰচি এয়াৰষ্ট্ৰিপৰ পৰা উৰা মাৰিছিল।
জানিব পৰা অনুসৰি, বিমানখন উৰা মৰা ১৫ মিনিটৰ পিছতেই ভূপতিত হৈছিল। ঘন অৰণ্য আৰু পাহাৰীয়া অঞ্চলৰ হোৱাৰ বাবে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাত কিছু পলম হয়।
ঘটনাস্থলীত উদ্ধাৰকাৰী দল গৈ পোৱা লৈকে দুয়োগৰাকী পাইলট মৃত্যু হৈছিল। দুয়োগৰাকী পাইলটকে জ্বলন্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল উদ্ধাৰকাৰী দলে।
উল্লেখযোগ্য যে, এই চলিত বৰ্ষত মধ্যপ্ৰদেশত এইয়া তৃতীয় বিমান দুৰ্ঘটনা। ৬ জানুৱাৰীত, এখন প্ৰশিক্ষণ বিমানে এটা মন্দিৰত খুন্দা মাৰে আৰু দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত পাইলটজন নিহত হৈছিল আৰু প্ৰশিক্ষাৰ্থীজন আহত হয়। একেটা মাহতে ২২ জানুৱাৰীত এখন মিৰাজ-২০০০ আৰু চুখোই-৩০ ৰ অনুশীলনৰ সময়ত মধ্য প্ৰদেশৰ মাজ আকাশতে সংঘৰ্ষ হৈ দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত তিনিজন পাইলটৰ এজন নিহত হৈছিল।
লগতে পঢ়ক – অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীত জড়িত ৪ বিষয়াক নিলম্বন