নিউজ ডেস্ক: এন্টনী এলবানিছে অষ্ট্ৰেলিয়াৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। শনিবাৰে দেশখনৰ সাধাৰণ নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত শাসক দলৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনক পৰাস্ত কৰি বিৰোধী লবানিছৰ নেতৃত্বত বিৰোধী দল লেবাৰ পাৰ্টিয়ে বিজয় সাব্যস্ত কৰে।
শনিবাৰে ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত ভোটগণনাৰ অন্তত লেবাৰ পাৰ্টিয়ে শাসকীয় দলক পৰাস্ত কৰি দেশখনৰ ক্ষমতা দখল কৰে।
উল্লেখযোগ্য যে বিগত ৯বছৰ ধৰি বাওঁপন্থী ভাৱাপন্ন লেবাৰ প্ৰাৰ্টি দেশখনৰ প্ৰধান বিৰোধী দল হিচাপে আছিল।
নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত পৰাজয় বৰণ কৰা শাসকীয় দলৰ প্ৰধান মন্ত্ৰী স্কট মৰিছনে এন্টনী এলবানিছক অভিন্দন জ্ঞাপন কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘“নিশা মই বিৰোধী দলপতিৰ সৈতে কথা পাতিছো। তেওঁ প্ৰধান মন্ত্ৰীৰ দায়িত্ব ল’বলৈ আগবাঢ়িছে। তেওঁলৈ মই শুভেচ্ছা জনাইছো।‘
আনহাতে পৰাজয় বৰণ কৰাৰ পিছতে স্কট মৰিছনে দলটোৰ নেতৃত্বৰ পৰাও আঁতৰি গৈছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ