অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু তেওঁৰ স্বামী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ভাৰতত ক’ভিড বিৰোধী যুঁজৰ বাবে ১১ কোটি টকাতকৈ অধিক বৰঙণি সংগ্ৰহ কৰিছে।
যোৱা ৭ মে’ত অনুষ্কা আৰু বিৰাটে ক্ৰাউড-ফাণ্ডিং প্লেটফ’ৰ্ম ‘Ketto’ৰ জৰিয়তে এই ক’ভিড বিৰোধী যুঁজত সহায়ৰ বাবে বৰঙণি সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।
উল্লেখযোগ্য যে তাৰকাদ্বয়ে নিজৰ ফালৰ পৰা উক্ত অভিযানলৈ ইতিমধ্যে ২ কোটি টকা দান কৰিছে।
শুকুৰবাৰে ইনষ্ট্ৰাগ্ৰামত দিয়া এক প’ষ্টত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই ১১,৩৯,১১,৮২০ কোটি টকা গোট খোৱা বুলি উল্লেখ কৰি সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জনায়।
লগতে পঢ়ক :
লগতে পঢ়ক : ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ; ১০০ জনতকৈ অধিক লোকে হেৰুৱালে প্ৰাণ, স্থল আক্ৰমণৰ ভাবুকি ইজৰাইলৰ
এই ধনখিনি ক’ভিডৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু আন আন চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত কাম কৰা ACT Grantsক প্ৰদান কৰা হ’ব।
তাৰকাদ্বয়ৰ এই প্ৰচেষ্টাৰ শলাগ লৈ ACT Grantsৰ মুখপাত্ৰ গায়ত্ৰী যাদৱে কয়, ‘অনুষ্কা আৰু বিৰাটৰ দৰে তাৰকাৰ উপস্থিতিয়ে বৰঙণি সংগ্ৰহৰ আমাৰ এই অভিযানক বহুখিনি আগুৱাই নিব। এই অভিযানত যোগ দিয়াৰ বাবে ACT Grants তেওঁলোকৰ ওচৰত কৃতজ্ঞ।‘
উল্লেখযোগ্য যে বৃহস্পতিবাৰ পৰ্য্যন্ত ভাৰতত মুঠ ক’ভিড সংক্ৰমিত লোকৰ সংখ্যা ২,৪০,৪৬,৮০৯ লৈ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩ লাখ ৪৩ হাজাৰ ১৪৪ জন। যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ হাজাৰজন।