নিউজ ডেস্ক : মাৰ্কিন যুক্তৰাষ্ট্ৰত অনুষ্ঠিত আৰ্চাৰি ৱৰ্ল্ড কাপ ফাইনেল (WCF)-ত ভাৰতৰ দীপিকা কুমাৰী আৰু অতনু দাসে ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হয়। ফলত ভাৰতে শুদা-হাতে প্ৰতিযোগিতাখনৰ পৰা উভতিব লগা হৈছে।
বৃহস্পতিবাৰে অনুষ্ঠিত মহিলাৰ ব্যক্তিগত শাখাত দীপিকা কুমাৰী অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা জাৰ্মানীৰ মিচেল ক্ৰপেনৰ হাতত পৰাস্ত হ’ব লগা হয়, তেওঁ জাৰ্মান প্ৰতিদ্বন্দী গৰাকীৰ ওচৰত ৪-০ ব্যৱধানত পৰাস্ত হয়।
উল্লেখযোগ্য যে দীপিকা কুমাৰী বিশ্বৰ মহিলা আৰ্চাৰিৰ ৰেংকিঙত দ্বিতীয় নম্বৰ স্থানত আছে।
একেদৰে পুৰুষৰ ছেমিফাইনেলছত অতনু দাস তুৰ্কীৰ অলিম্পিক চেম্পিয়ন মেটে গাজ’জৰ হাতত ৬-০ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জ পদকৰ পৰা বঞ্চিত হ’ব লগা হয়।
অতনু দাস আৰু দীপিকা কুমাৰী দুয়োগৰাকী পতি-পত্নী।
লগতে পঢ়ক : বিশ্বৰ আগশাৰীৰ সাংবাদিকতা বঁটাৰে সন্মানিত অসমৰ যুৱ সাংবাদিক পৰী শইকীয়া