নিউজ ডেস্কঃ পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ সেনা বাহিনী আৰু আৰক্ষীৰ। বুধবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত ভাৰতীয় সেনা বাহিনী আৰু আৰক্ষীয়ে এক যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰে লস্কৰ-ঈ-তৈবাৰ দুটা সন্ত্ৰাসবাদীক।
লগতে এই অভিযানত উদ্ধাৰ কৰে এটা এ কে ৰাইফল, এটা মেগাজিন। ইয়াৰ পূৰ্বে ১৯ ফেব্ৰুৱাৰীতো সন্ত্ৰাসবাদীৰ সৈতে শ্বোপিয়ানত ভাৰতীয় সেনা বাহিনীৰ সংঘৰ্ষ সংঘটিত হৈছিল।
এই সংঘৰ্ষত সেনা বাহিনীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে শ্বহীদ হৈছিল ভাৰতীয় দুগৰাকী সেনা জোৱান। শ্বোপিয়ানত জৌনাপুৰা এলেকাৰ চেৰমাৰ্গ সন্ত্ৰাসবাদী কেইটা আত্মগোপন কৰি থকা খবৰ পোৱাৰ পাছতে সেনা বাহিনীয়ে তাত চলাইছিল অভিযান।