নিউজ ডেস্ক : বুধবাৰে তামিলনাডুৰ কুনুৰত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীসহ ১৭ গৰাকী আৰোহী আছিল।

প্ৰাপ্ত তথ্য অনুসৰি এই পৰ্য্যন্ত ৪ গৰাকী সেনা বিষয়াৰ মৃত্যু ঘটিছে আৰু বিপিন ৰাৱটসহ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

হেলিকপ্টাৰখনত থকা সেনা বিষয়াসকলৰ তালিকা – তামিলনাডুত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত থকা যাত্ৰীৰ নাম ক্ৰমে : CDS জেনেৰেল বিপিন ৰাৱাট,পত্নী মধুলিকা ৰাৱাট, ব্ৰিগঃ এলএছ লিড্ডাৰ, লেঃ কৰ্নেল হৰজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেঃনায়ক বিবেক কুমাৰ, লেঃনায়ক বি সাই তেজা, হাবিলদাৰ সতপাল।

কুনুৰৰ নানজপঞ্চতিৰ্থম অঞ্চলত সংঘটিত হয় উক্ত ভয়ংকৰ দুৰ্ঘটনাটো। কি কাৰনত দুৰ্ঘটনাটো সংঘটিত হ’ল সেই কথা এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান।

লগতে পঢ়ক : বেহাৰবাৰীত মহিলাৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply