নিউজ ডেস্ক : পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক গোপন তথ্য যোগান ধৰাৰ অভিযোগত হাৰিয়ানা আৰক্ষীয়ে ভাৰতীয় সেনা বাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰে।
বৃহস্পতিবাৰে হাৰিয়ানা আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ৰোহিত কুমাৰ নামৰ সেনা জোৱানজনক বুধবাৰে গ্ৰেপ্তাৰ কৰা হয়।
হাৰিয়ানাৰ আম্বালা জিলাৰ বাসিন্দা কুমাৰে মধ্য প্ৰদেশৰ ভোপালত সেনা বাহিনীৰ এগৰাকী হাবিলদাৰ হিচাপে কৰ্মত হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীৰ জেৰাত তেওঁ পাকিস্তানৰ এজন এজেণ্টৰ জৰিয়তে দেশখনৰ চোৰাংচোৱা সংস্থা আই এছ আইক গোপন তথ্য আৰু ফটোগ্ৰাফ যোগান ধৰি অহাৰ কথা ধৰা পৰে।
গোপন তথ্য যোগান ধৰিবলৈ কুমাৰে ব্যৱহাৰ কৰা দুটা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰিছে।
তেওঁৰ বিৰুদ্ধে বিভাগীয় গোপনীয়তা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনায়। কুমাৰক বৃস্পতিবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত ৭ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক : ৰক্তাক্ত সিংঘু বৰ্ডাৰ; হাত কাটি যুৱকক নৃশংস হত্যা