নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অন্তৰ্গত কোটাম নামৰ এক গভীৰ অৰণ্যত খুনচাৰ ৬নং আছাম ৰাইফলচ আৰু উগ্ৰপন্থীৰ মাজত তুমূল সংঘর্ষৰ সূত্ৰপাত হয়।
সেনাৰ গুলিত নিহত দুই NSCN(K)YA ৰ উগ্ৰপন্থীৰ সদস্য। সদস্য কেইগৰাকী ম্যানমাৰ বুলি সন্দেহ কৰা হৈছে।
লগতে পঢ়কঃবিদ্যালয়ৰ চৌহদৰ ভিতৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰিং
নিহত উগ্ৰপন্থী সদস্যৰ পৰা এটা MQ ৰাইফল, দুটা মেগজিন, এটা M16 ৰাইফল এটা মেগজিন, এটা 9mm পিষ্টল, এটা চীনা গ্ৰেণেড,বৃহৎ পৰিমাণৰ বিস্ফুৰক সামগ্ৰীৰ লগতে ভাৰত আৰু ম্যানমাৰৰ টকা উদ্ধাৰ কৰে আছাম ৰাইফলছে।
উক্ত এলেকাত বৰ্তমান আছাম ৰাইফলছে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে।