নিউজ ডেস্ক : সোমাবাৰে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী বিষয়া আৰু আন চাৰিজন জোৱানৰ মৃত্যু হয়। জম্মু আৰু কাশ্মীৰৰ পুঁচ জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৫ জনকৈ ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাব লগা হয়।
বিভাগীয় সূত্ৰই জানিবলৈ দিয় মতে কিছুদিন পূৰ্বে প্ৰায় ৫ জনকৈ সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ পিছৰে পৰা জিলাখনৰ ছুৰানকোট অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদী দলৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলি আছিল।
চোৰাংচোৱা সূত্ৰৰ পৰা অঞ্চলটোত সন্ত্ৰাসবাদীৰ চলাচলৰ খবৰ লাভ কৰাৰ পিছতে আজি পুৱাই সেনাবাহিনীয়ে ‘ডেৰা কি গলী’ৰ এখন সমীপৰ গাঁৱত উক্ত অভিযান চলাইছিল বুলি সূত্ৰটোত প্ৰকাশ।
টহলদাৰি সেনা দলটোৰ ওপৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাত সেনাৰ জে চি অ’ (Junior Commissioned Officer) আৰু আন ৪ জন জোৱান গুৰুতৰভাৱে আহত হয়।
পিছত আটাইকেইজনে মৃ্ত্যুক সাবাটি লয় বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে।
অঞ্চলটোত বৰ্তমান সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই থকা হৈছে বুলি প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী মুখপাত্ৰই জনায়।
লগতে পঢ়ক : ক’ভিড ১৯ : বিগত ২১৫ দিনৰ ভিতৰত দেশত সৰ্বনিন্মলৈ নামিল আক্ৰান্ত সংখ্যা