নিউজ ডেস্কঃ ভাৰতে আজি এমআৰএছএএম অৰ্থাৎ মিডিয়াম ৰেঞ্জ ছাৰ্ভেচ টু এয়াৰ মিছাইলৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে। এই পৰীক্ষা ওড়িশ্যাৰ বালাসৌৰত কৰা হয়। পৰীক্ষণত মিছাইলটোৱে বহুত দূৰৈৰ পৰাই লক্ষ্য ভেদে। দেওবাৰে ডিআৰডিঅৰ এগৰাকী বিষয়াই এই কথা জনায়।
জানিব পৰা মতে, পৰীক্ষণৰ সময়ত মিছাইলটোৱে সঠিক লক্ষ্যত আক্ৰমণ কৰে। ডিআৰডিঅ’ই টুইটাৰত লিখিছে- ‘এমআৰএছএএম মিছাইলৰ পৰীক্ষণ বালাসৌৰৰ পৰা পুৱা ১০.৩০ বজাত সফলতাৰে সম্পন্ন হয়। মিছাইলটোৱে নিজৰ লক্ষ্য সম্পূৰ্ণৰূপে নষ্ট কৰি দিয়ে।’
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ২৩ মাৰ্চত আন্দামান নিকোবৰত ব্ৰহ্মোছ ছুপাৰছ’নিক ক্ৰুজ মিছাইলৰ সফলতাৰে পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছিল। আৰু এই মিছাইলটো ডিআৰডিঅ’য়ে ইজৰাইলৰ এআইএ কোম্পানীৰ সৈতে মিলি নিৰ্মাণ কৰে। উল্লেখ কৰাৰ প্ৰয়োজন যে, এমআৰএছএ মিছাইলটোৰ ওজন ২৭৫ কিলোগ্ৰাম। আৰু এই মিজাইলটো ৪.৫ মিটাৰ ওখ।