নিউজ ডেস্ক: ইউক্ৰেইনত আৱদ্ধ আছে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে এই তথ্য। এই সন্দৰ্ভত দেশখনত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰা হৈছে বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতৰ আন শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলক ঘৰলৈ ঘুৰি অহাত দূতাবাসে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ইউক্ৰেইনত অধ্যয়নৰত ভাৰতৰ শিক্ষাৰ্থীসকলে দেশলৈ ঘূৰি আহি আছে যদিও এতিয়াও দেশখনত যথেষ্ট সংখ্যক ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। আজি পুৱা ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলোৱাৰ পিছত দেশখনত আৱদ্ধ শিক্ষাৰ্থীসকলক লৈ ভাৰত উদ্বিগ্ন হৈ পৰিছে।

আজি পুৱা ইউক্ৰেইনৰ পৰা শিক্ষাৰ্থীসহ ১৮২ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা এখন বিশেষ বিমান নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

অসমৰ শিক্ষাৰ্থীসকলৰ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে কয়, “আমি ইউক্ৰেইনত অসমৰ শিক্ষাৰ্থীসকল আবদ্ধ হৈ থকা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও আলোচনা কৰিছো আৰু এই বিষয়ে অৱগত কৰিছো।”

লগতে পঢ়ক – ইউক্ৰেইন-ৰাছিয়াৰ পৰিস্থিতি সন্দৰ্ভত বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোডী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply