নিউজ ডেস্ক: ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে দেশখনৰ পৰা ২২,৫০০ গৰাকী ভাৰতীয় নাগৰিক স্বগৃহলৈ উভতি আহিছে যদিও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত এতিয়াও আছে ৪০-৫০ গৰাকী ভাৰতীয় নাগৰিক।
বৃহস্পতিবাৰে ৰাজ্যসভাত ৰাজ্যিক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মিনাক্ষী লেখিয়ে এই কথা উল্লেখ কৰি কয় যে এইসকল ভাৰতীয় নাগৰিকৰ মাত্ৰ কিছু সংখ্যকেহে ইউক্ৰেইনৰ পৰা ঘূৰি আহিব খুজিছে।
‘২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা সৰ্বমুঠ ২২,৫০০ গৰাকী ভাৰতীয় নাগৰিক ইউক্ৰেইনৰ পৰা উভতি আহিছে। এতিয়াও ৪০-৫০ জনমান লোক ইউক্ৰেইনতে আছে আৰু তেওঁলোকৰ বেছিভাগেই তাতে থাকিব খুজিছে,’ মন্ত্ৰী গৰাকীয়ে কয়।
উল্লেখযোগ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই আক্ৰমণ কৰাৰ পিছতে ইউক্ৰেইন চৰকাৰে দেশখনত অসামৰিক বিমানৰ চলাচল বন্ধ কৰি দিছিল।
লগতে পঢ়ক – চৰাইদেউত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা জাৰি জিলা উপায়ুক্তৰ