বাবা ৰামদেৱ আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ (IMA) মাজত চলি থকা সংঘাটে ক্ৰমে বিশেষ মাত্ৰা লাভ কৰিছে। সামাজিক মাধ্যমত বৰ্তমান এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত যোগগুৰুজনে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনক প্ৰত্যাহ্বান জনোৱা দেখা যায়।
‘সিহঁতৰ বাপেকেও মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰে’ (এৰেষ্ট তো উনকা বাপ ভি নহী কৰ চকটা) ভিডিঅ’টোৰ আৰম্ভণিত বাবা ৰামদেৱে এইদৰে কোৱা শুনা যায়।।
তেওঁ কয়, ‘তেওঁলোকে কেৱল চিঞৰি থাকিব, কেতিয়া #thugRamdev #mahathugRamdev #arrestRamdev এইবিলাক কৈ থাকিব পাৰিব, সেইবিলাক কৰি থাকক’।
উল্লেখযোগ্য যে বুধবাৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে যোগগুৰু বাব ৰামদেৱৰ বিৰুদ্ধে এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছিল।
লগতে পঢ়ক :বাবা ৰামদেৱৰ বিৰুদ্ধে এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ!
ৰামদেৱে বিভিন্ন সামাজিক মাধ্যমত দিয়া এক ভিডিঅ’ত ‘এলপেথিক দৰৱৰ ফলত ক’ভিডত আক্ৰান্ত লাখ লাখ লোকৰ মৃত্যু হোৱা’ বুলি কৰা মন্তব্যক গৰিহণা দি ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে তেওঁক ১৫ দিনৰ ভিৰতৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল।
এলোপেথি চিকিৎসা আৰু এলোপেথিক চিকিৎসকক লৈ যোগগুৰুজনে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ইণ্ডিয়ান মেডিকেল এচোছিয়েছন তেওঁক অহা ১৫ দিনৰ ভিৰতৰত ক্ষমা খুজিবলৈ এখন ‘মুকলি পত্ৰ’ যোগে দাবী জনায়।
অৱশ্যে বৰ্তমানৰ ভিডিঅ’টো উক্ত মানহানি গোচৰৰ আগৰ বুলি ধাৰণা কৰা হৈছে। জানিব পৰা মতে ভিডিঅ’টো যোৱা মঙলবাৰে নিশা সামাজিক মাধ্যমসূহত প্ৰকাশ পাইছিল।