নিউজ ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেপ্তাৰী পৰোৱানা। আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে শুক্ৰবাৰে প্ৰাথমিক তদন্তৰ পিছত পুটিনৰ বিৰুদ্ধে জাৰি কৰে গ্ৰেপ্তাৰী পৰোৱানা ।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধত নিৰীহ লোকক হত্যা কৰাৰ লগতে ইউক্ৰেইনৰ শিশু আৰু মহিলাক বলপূৰ্বক ভাৱে ৰাছিয়ালৈ স্থানান্তৰ কৰাৰ বাবে আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে পুটিনক অভিযুক্ত কৰিছে। যাৰ বাবে পুটিন এতিয়া বিদেশ ৰাষ্ট্ৰত ভ্ৰমণ কৰিলেই হয়তু গ্ৰেপ্তাৰ হ’ব পাৰে।
পিছে, ইউক্ৰেইনক সমৰ্থন কৰা দেশবোৰে ৰাছিয়াই ইউক্ৰেনৰ লোকক নৃশংস অত্যাচাৰ কৰা বিষয়টো আন্তৰ্জাতিক পৰ্যায়ত চৰ্চা কৰি আহিছে বিগত এবছৰ ধৰি। পিছে এই বিষয়ত ৰাছিয়াক দোষাৰূপ কৰিলেও ৰাষ্ট্ৰখনে এই বিষয়ে অস্বীকাৰ কৰি আহিছে।
গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱাৰ পিছত এক কথা ক’বলৈ গ’লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকী কেৱল এতিয়া নিজ দেশতেই সুৰক্ষিত।
উল্লেখযোগ্য যে, অহা ২০ ৰ পৰা ২২ মাৰ্চলৈকে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ৰাছিয়া ভ্ৰমণ কৰিব। জানিব পৰা অনুসৰি জিনপিঙৰ ৰাছিয়া ভ্ৰমণতেই দুয়োখন ৰাষ্ট্ৰই বহু কেইটা দ্বিপাক্ষিক চুক্তিৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব। পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱাৰ পিছত জিনপিঙৰ ৰাছিয়া ভ্ৰমণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিদৰে ৰূপ সলনি হয় সেয়া অনাগত দিনত হে গম পোৱা যাব।
লগতে পঢ়ক – প্ৰতি সুৰা বটলত ১০ টকাকৈ “গো–কৰ”