নিউজ ডেস্ক: নিজৰ তোলনীয়া কন্যা সন্তানক ধৰ্ষণ চলোৱাৰ অপৰাধত অসমৰ এজন লোকক অৰুণাচল প্ৰদেশৰ এখন আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।
অসমৰ বিশ্বনাথ জিলাৰ ৩৫ বছৰীয়া ভৱানী চেত্ৰী নামৰ লোকজনক তেওঁৰ ১৪ বছৰীয়া তোলনীয়া কন্যা সন্তানক বহুকেইবাৰ ধৰ্ষণ চলাইছিল। বৃহস্পতিবাৰে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ POCSO আদালতে চেত্ৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ৫,০০০ টকাৰ জৰিমণা বিহে।
প্ৰাপ্ত তথ্য মতে ভৱানী চেত্ৰীয়ে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২১ চনৰ এপ্ৰিলৰ ভিতৰত তেওঁৰ তোলনীয়া কন্যাক তিনিবাৰ ধৰ্ষণ কৰিছিল। ভুক্তভোগী ছাত্ৰীগৰাকীক চেত্ৰীয়ে টাৱাং জিলাৰ কেলেংটেং গাঁৱৰ তিনিটা পৃথক পৃথক স্থানত ধৰ্ষণ কৰিছিল।
অভিযোগ অনুসৰি কিশোৰী গৰাকীয়ে তেওঁৰ মাতৃৰ আগত এই কথা প্ৰকাশ কৰিলে চেত্ৰীয়ে তাইক হত্যা কৰিব বুলি ভাবুকি দিছিল। অৱশ্যে কিশোৰীগৰাকীয়ে তেওঁৰ বন্ধুবৰ্গক এই বিষয়ে অৱগত কৰে আৰু তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।
ভুক্তভোগী ছাত্ৰী গৰাকীৰ অভিযোগৰ ভিত্তিত ভৱানী চেত্ৰীক যোৱা বছৰৰ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল।
লগতে পঢ়ক – অবৈধ সম্পৰ্কৰ সন্দেহত এদল উন্মত্ত লোকৰ আক্ৰমণৰ বলি দুই ‘আত্মীয়’